মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

সফলতাৰ কাহিনীবোৰ
  • ৰাজ্যিক বিজ্ঞান মেলা : ২০১৭ চনৰ ২৭ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটী ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান মেলা অনুষ্ঠিত হৈছিল। ড্ৰনৰ ব্যৱহাৰ, মহাকাশ প্ৰযুক্তিবিদ্যা, ভাৰ্চুৱেল বাস্তৱিকতা আদিকে ধৰি বহুতো বৈজ্ঞানিক নমুনা প্ৰদৰ্শন কৰা হৈছিল। ছাত্ৰ-ছাত্ৰী, শিক্ষায়তনৰ সভ্য, সৰ্বসাধাৰণৰ মাজত প্ৰৱল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল।
  • অসম জৈৱ প্ৰযুক্তি আলোচনাচক্ৰ : ২০১৭ চনৰ ৫ আৰু ৬ জানুৱাৰী তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈছিল। আলোচনাচক্ৰখন গুৱাহাটী জৈৱপ্ৰযুক্তি উদ্যানৰ জৰিয়তে অনুষ্ঠিত কৰা হৈছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা উদ্বোধন কৰা হৈছিল। এই সভাখনত বহুতো সম্ভাৱনাপূৰ্ণ উদ্যোগীয়ে অংশগ্ৰহণ কৰিছিল।