মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

সক্ষমতা নিৰ্মাণ

প্ৰশিক্ষণ আৰু গৱেষণা তথা উন্নয়ন প্ৰকল্পৰ বাবে বিত্ত মঞ্জুৰীৰ দ্বাৰা সঞ্চালকালয়ে কিছুমান সক্ষমতা নিৰ্মাণ কাৰ্যক্ৰম অনুষ্ঠিত কৰি আহিছে। সেইসমূহ হল- :

  • এ.আৰ.এছ.এ.চি./ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ জৰিয়তে ব্যৱহাৰকাৰী বিভাগসমূহৰ চৰকাৰী বিষয়াসকক উন্নয়নৰ বাবে" দূৰস্থ চেতনা আৰু জি.আই.এছ. কৌশলসমূহৰ ব্যৱহাৰৰ" ওপৰত প্ৰশিক্ষণ।
  • অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ দ্বাৰা ৰূপায়িত প্ৰশিক্ষণেৰে সৈতে কৌশল গঠনৰ বাবে প্ৰশিক্ষণ অনুষ্ঠান।
  • এ.আৰ.এছ.এ.চি./অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ দ্বাৰা ৰূপায়িত "কামৰূপ আৰু মৰিগাঁও জিলাৰ কৃষি সম্পদ তথ্য ব্যৱস্থাৰ উন্নয়ন" সম্পৰ্কে গৱেষণা আৰু উন্নয়ন প্ৰকল্প
  • "বকো, তিতাবৰ, লাহোৱাল, বেজেৰা, মন্দিয়া, মৰাবাৰী আৰু ডিমৰিয়া খণ্ডৰ বাবে খণ্ড পৰ্যায়ৰ সম্পদৰ তথ্য সংগ্ৰহৰ ধাৰণা জনপ্ৰিয়কৰণ" সম্পৰ্কে গৱেষণা আৰু উন্নয়ন প্ৰকল্প
  • বিদ্যালয়ত বিজ্ঞান আৰু গণিত ব্যৱস্থাপক নিয়োগ

ওপৰত দিয়াসমূহৰ উপৰিও অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ, জৈৱ প্ৰযুক্তি উদ্যান, তাৰকাগৃহ, অসম শক্তি উন্নয়ন এজেঞ্চীৰ জৰিয়তে বিভিন্ন সক্ষমতা নিৰ্মাণ কাৰ্যপন্থা অনুষ্ঠিত কৰা হৈছিল। বিতং তথ্যৰ বাবে ব্যক্তিগত ৱেবছাইটলৈ যাওঁক।